নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত হাৰাম গীবতৰ বাস্তৱতা তথা ধৰণ বৰ্ণনা কৰিছে। সেইটো হৈছে: কোনো অনুপস্থিত মুছলিম ব্যক্তিৰ বিষয়ে এনেকুৱা কোনো কথা আলোচনা কৰা যিটোক তেওঁ অপছন্দ কৰে। সেই দোষটো তাৰ দৈহিক হওক বা চাৰিত্রিক। উদাহৰণস্বৰূপে: অন্ধ, প্রতাৰক, মিছলীয়া ইত্যাদি বেয়া দোষ। যদিও সেইবোৰ দোষ তাৰ মাজত থাকে। আনহাতে যদি সেই দোষ তাৰ মাজত নাথাকে, তেন্তে এইটো হ'ব নিকৃষ্ট স্তৰৰ এটা গীবত, যিটোক বুহতান তথা অপবাদ বুলি কোৱা হয়। অৰ্থাৎ কোনো ব্যক্তিক এনেকুৱা দোষেৰে দোষাৰোপ কৰা যিটো তাৰ ভিতৰত নাই।