নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, কোনো মুছলিমে যেন কোনো মুছলিম ব্যক্তিক হে কাফিৰ বুলি সম্বোধন নকৰে। কাৰণ এনেকৈ সম্বোধন কৰিলে, উভয়ৰ মাজৰ যিকোনো এজন কাফিৰ হৈ যাব। যাক সম্বোধন কৰা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেনেহ'লেতো কোনো কথাই নাই, অন্যথা যিয়ে সম্বোধন কৰিছে সি নিজেই কাফিৰ হৈ যাব।