আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "শপতৰ জৰিয়তে ব্যৱসায়িক পণ্য নিশ্চয় বিক্ৰী হয়, কিন্তু ইয়াৰ ফলত বৰকত শেষ হৈ যায়।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাবলৈ তথা শপত খাই ক্ৰয়-বিক্ৰয় কৰিবলৈ নিষেধ কৰিছে, যদিও ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত তেওঁ সত্যবাদী হয়। তেখেতে এই কথাও জনাইছে যে, এইটো হয়তো পণ্য বিক্ৰী কৰাৰ এটা মাধ্যম হ'ব পাৰে কিন্তু ইয়াৰ ফলত লাভাংশৰ বৰকত নাইকিয়া হৈ যায়। আল্লাহে তাৰ এই সম্পদ বিভিন্ন প্ৰকাৰে ধ্বংস কৰি দিয়ে, হয়তো চুৰি হয়, নাইবা জুই লাগে, অথবা বানপানীত ভাহি যায় নাইবা লুণ্ঠন হয় অথবা অন্য কোনো কাৰণত ধ্বংস হয়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • আল্লাহৰ নামৰ শপত খোৱাৰ গুৰুত্ব। তথাপিও কেৱল প্ৰয়োজনতহে খাব লাগে।
  • হাৰাম উপাৰ্জন যিমানেই নহওক কিয়, তাত কোনো বৰকত নাথাকে তথা কল্যাণ নাথাকে।
  • ক্বাৰী ৰাহিমাহুল্লাহে কৈছেঃ অসৎ পন্থাৰে উপাৰ্জন কৰা ধনৰ বৰকত নাথাকে। হয়তো সেই সম্পদ ধ্বংস হয়, নাইবা এনেকুৱা কামত ব্যয় হয় যিটোৰ দ্বাৰা পৃথিৱীতো কোনো উপকাৰ নহয় আৰু আখিৰাততো কোনো ছোৱাব পোৱা নাযায়। এইদৰে যিটো সম্পদ তাৰ ওচৰত অৱশিষ্ট থাকে, তাৰ দ্বাৰা উপকৃত হোৱাৰ পৰাও বঞ্চিত হয়, নাইবা সেই সম্পত্তি এনেকুৱা ব্যক্তিয়ে উত্তৰাধিকাৰীসূত্ৰে লাভ কৰে যাক সি ভাল নাপায়।
  • ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত অধিক শপত খাবলৈ নিষেধ কৰা হৈছে। কাৰণ অপ্ৰয়োজনীয় শপত খোৱা অপছন্দনীয়। লগতে শপত খাই ক্ৰয়-বিক্ৰয় কৰিবলৈ নিষেধ কৰা হৈছে, কাৰণ শপতৰ দ্বাৰা ক্ৰেতাক প্ৰতাৰণা কৰাৰ থল থাকে।
  • অধিক শপত খোৱাটো হৈছে ঈমানী দুৰ্বলতাৰ পৰিচয় তথা আক্বীদা তাওহীদৰ ক্ষেত্ৰত ত্ৰুটিৰ পৰিচয়। কিয়নো অধিক শপত খালে দুটা বস্তু পৰিলক্ষিত হয়ঃ ১- মানুহে ইয়াৰ প্ৰতি অসাৱধান হৈ পৰে আৰু ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে। ২- সি মিছা কথা ক’বলৈ আৰম্ভ কৰে। কাৰণ যিয়ে বেছি শপত খায়, সি বেছি মিছা কথা কয়। সেয়ে বেছি শপত খাব নালাগে। এইকাৰণেই মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা।" (ছুৰা আল-মায়িদাহঃ ৮৯)
explain-icon

অধিক