আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।" ছহীহ - (তিৰমিজী)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, প্ৰকৃত মুমিনৰ স্বভাৱ এইটো কেতিয়াও হ'ব নোৱাৰে যে, তেওঁ মানুহৰ দোষ-ত্ৰুটি গাই ফুৰিব বা পৰনিন্দা কৰিব, লগতে মুমিন কেতিয়াও অভিশাপকাৰী হ'ব নোৱাৰে তথা অশ্লীলতা, বেয়া ভাষা বা অভদ্ৰ ভাষা ব্যৱহাৰকাৰী হ'ব নোৱাৰে, যাৰ কোনো লাজ চৰম নাই।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাৰাম কৰ্মত লিপ্ত হোৱা অথবা ওৱাজিব পৰিত্যাগ কৰাক চৰীয়তি বিধানে ঈমান নথকা বুলি উল্লেখ কৰিছে।
  • অংগ-প্ৰত্যংগৰ সংৰক্ষণ আৰু এইবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ উৎসাহিত কৰা হৈছে। বিশেষকৈ জিভাক।
  • ছিন্ধিয়ে কৈছেঃ হাদীছটোত (الطعّان، واللعّان অধিক পৰনিন্দাকাৰী আৰু অধিক অভিশাপকাৰী) শব্দ ব্যৱহাৰ হৈছে, ই প্ৰমাণ কৰে যে, যিসকল লোক ইয়াৰ যোগ্য সিহঁতৰ বিষয়েও সমালোচনা কৰা তথা নিন্দা কৰাটোও মুমিনৰ পক্ষে উচিত নহয়।