নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, প্ৰকৃত মুমিনৰ স্বভাৱ এইটো কেতিয়াও হ'ব নোৱাৰে যে, তেওঁ মানুহৰ দোষ-ত্ৰুটি গাই ফুৰিব বা পৰনিন্দা কৰিব, লগতে মুমিন কেতিয়াও অভিশাপকাৰী হ'ব নোৱাৰে তথা অশ্লীলতা, বেয়া ভাষা বা অভদ্ৰ ভাষা ব্যৱহাৰকাৰী হ'ব নোৱাৰে, যাৰ কোনো লাজ চৰম নাই।