নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সত্য কথা ক'বলৈ নিৰ্দেশ দিছে। লগতে জনাইছে যে, ইয়াক মজবুতভাৱে অৱলম্বন কৰিলে ই নেক আমলৰ পথত পৰিচালিত কৰে। এইদৰে নিয়মিত নেক আমল কৰিলে বান্দাৰ বাবে জান্নাতৰ পথ সুগম হয়। লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো অৱস্থাতে সত্যক আঁকোৱালি ল'লে বান্দাক সত্যবাদী বুলি নামকৰণ কৰা হয়। এইটো হৈছে সত্যতাৰ উচ্চ শৃংগ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অসত্য কথা তথা মিছা কথাৰ পৰা সতৰ্ক কৰিছে। কাৰণ এনেকুৱা আচৰণে মানুহক সৎপথৰ পৰা আঁতৰাই গুনাহ আৰু পাপকৰ্মৰ পথত পৰিচালিত কৰে। ইয়াৰ পিছত জাহান্নামত লৈ যায়। এইদৰে বান্দা যেতিয়া সদায় মিছা কথাত অভ্যস্ত হৈ পৰে তেতিয়া আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।