নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল কথা কোৱা নাছিল অথবা কেতিয়াও অশ্লীল কৰ্ম কৰা নাছিল। তেখেতে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱেও কৰা নাছিল। আনকি তেখেত সুউচ্চ মহান চৰিত্ৰৰ অধিকাৰী আছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী। উত্তম চৰিত্ৰ হৈছে, সৎকৰ্ম কৰা, হাঁহিমুখে মানুহৰ সৈতে সাক্ষাৎ কৰা, কাকো কষ্ট নিদিয়া, মানুহে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা, লগতে মানুহৰ সৈতে সদাচৰণ কৰা।