নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত উল্লেখ কৰিছে যে, আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণকাৰী মুমিন বান্দা, যিয়ে বিশ্বাস কৰে যে, তাৰ প্ৰত্যাৱৰ্তন আল্লাহৰ ওচৰত হোৱাটো নিশ্চিত আৰু তেৱেঁই তাৰ সকলো কৰ্মৰ প্ৰতিদান দিব, তাৰ এই ঈমানে তাক নিম্নলিখিত কামবোৰ কৰিবলৈ উৎসাহিত কৰে: প্ৰথমঃ উত্তম কথা কোৱা, যেনে- তাছবীহ তাহলীল পাঠ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা মানুহক বিৰত ৰখা, মানুহৰ মাজত সংস্কাৰমূলক কাম কৰা। যদি সি এইবোৰ কৰিব নোৱাৰে তেন্তে সি মৌনতা অৱলম্বন কৰা উচিত, লগতে চেষ্টা কৰা উচিত তাৰ দ্বাৰা যেন আনৰ ক্ষতি নহয়, লগতে সি নিজৰ জিভাৰ হিফাজত কৰা উচিত। দ্বিতীয়ঃ প্ৰতিৱেশীক সন্মান কৰা। অৰ্থাৎ সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰা আৰু সিহঁতক কোনো ধৰণৰ কষ্ট নিদিয়া। তৃতীয়ঃ সাক্ষাতৰ বাবে অহা অতিথিসকলক সন্মান কৰা, উত্তম কথা কোৱা আৰু আহাৰ কৰোৱা ইত্যাদিৰ মাধ্যমত।