হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গুনাহ আৰু নেকী সম্পৰ্কে জনাইছে। তেখেতে কৈছেঃ নেকীৰ আটাইতকৈ ডাঙৰ গুণ হৈছে তাক্বৱাৰ জৰিয়তে আল্লাহৰ সৈতে সদাচৰণ কৰা, আৰু সৃষ্টিক কষ্ট দিয়াৰ পৰা বিৰত থকা, খং নকৰা, হাঁহিমুখে সাক্ষাৎ কৰা, ভাল কথা কোৱা, সহায়-সহযোগ কৰা, আনুগত্য কৰা, নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰা, সংগী-সাৰথিৰ সৈতে সদাচৰণ কৰা আদি। নেকী হৈছে সেইটো, যাৰ দ্বাৰা অন্তৰে প্ৰশান্তি লাভ কৰে। গুনাহ সেইটোক কোৱা হয়, যিটো কৰিলে অন্তৰ কঁপে আৰু অন্তৰত অশান্তি বিৰাজ কৰে। যেতিয়া কোনো কাম সম্পৰ্কে মনত সন্দেহ হয় বা ভয় হয় যে, সেইটো চাগে গুনাহ হ’ব পাৰে, আৰু সি সেইটোক বেয়া বুলি গণ্য কৰি আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে, বিশেষকৈ সন্মানীয় মানুহৰ সন্মুখত, তেন্তে এইটোৱে প্ৰমাণ কৰে যে, সেইটো হৈছে এটা গুনাহৰ কাম। কাৰণ মানুহৰ স্বভাৱে এইটো বিচাৰে যে, মানুহে কেৱল তাৰ ভাল কামবোৰ চাওক। এতেকে যেতিয়া কোনো ব্যক্তিয়ে এইটো বিচাৰে যে, তাৰ কিছুমান কাম জনসাধাৰণৰ দৃষ্টিৰ পৰা গোপন থাকক, তেন্তে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, সেইটো হৈছে এটা গুনাহ, যিটোৰ মাজত কোনো কল্যাণ নাই। যেতিয়ালৈকে অন্তৰত অস্থিৰতা থাকিব, তেতিয়ালৈকে মানুহে সেই বিষয়ে ফতোৱা দিলেও সেইটো গ্ৰহণ নকৰিবা। কাৰণ যদি সন্দেহ সঠিক ক্ষেত্ৰত থাকে তেন্তে ফতোৱা দিলেও সেইটো দূৰ নহয়। কাৰণ মুফতিয়ে নাজানিও ফতোৱা দিব পাৰে। আনহাতে যদি ফতোৱা দলিল ভিত্তিক হয় তেন্তে ফতোৱা বিচৰা ব্যক্তিয়ে সেইটো মানি লোৱা উচিত, যদিও অন্তৰে সেইটো মানি নলয়।