আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।" ছহীহ - (আবু দাঊদ, তিৰমিজী)
explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ দিনা মুমিনৰ মীজানত কথা আৰু কৰ্মৰ ক্ষেত্ৰত আটাইতকৈ গধূৰ বস্তুটো হ'ব উত্তম চৰিত্ৰ। সেয়া হৈছে, হাঁহিমুখে সাক্ষাৎ কৰা, আনক কষ্ট নিদিয়া আৰু সৎকৰ্ম কৰা। কথাই হওক বা কৰ্ম আদি সকলো ক্ষেত্ৰতে মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণ আদিক ঘৃণা কৰে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • উত্তম চৰিত্ৰৰ গুৰুত্ব। কাৰণ ই মহান আল্লাহৰ মুহাব্বতৰ উত্তৰাধিকাৰী বনায়, আৰু এইটো ক্বিয়ামতৰ দিনা অধিক গধূৰ হিচাপে বিবেচিত হ'ব।