হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, সৰ্বশক্তিমান আল্লাহে তেখেতক এই কাৰণে প্ৰেৰণ কৰিছে, যাতে তেখেতে উত্তম চৰিত্ৰ আৰু নৈতিকতাক পূৰ্ণতা দান কৰিব পাৰে। লগতে পূৰ্বৱৰ্তী ৰাছুলসকলৰ শিক্ষাক পূৰ্ণতা প্ৰদান কৰিবলৈ আৰু আৰবীয়ানসকলৰ ভাল স্বভাৱক পূৰ্ণতা প্ৰদান কৰিবলৈ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছে। তেওঁলোকে কল্যাণক পছন্দ কৰিছিল আৰু অনিষ্টক অপছন্দ কৰিছিল। তেওঁলোক আছিল বাহাদুৰ, উদাৰ আৰু সন্মানীয়। সেয়ে তেওঁলোকৰ মাজত থকা কিছুমান ত্ৰুটিক সংশোধন কৰিবলৈ তেখেতক প্ৰেৰণ কৰা হৈছিল, যেনে- বংশকলৈ গৌৰৱ কৰা, অহংকাৰ কৰা, দুখীয়া দৰিদ্ৰক তুচ্ছ জ্ঞান কৰা আদি।