এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ ক'লে, মোৰ বাহন ধ্বংস হৈছে। গতিকে পৰিবহণৰ বাবে আপুনি মোক এটি পশু দিয়ক, যিটোক মই বাহন হিচাপে ব্যৱহাৰ কৰি মোৰ গন্তব্য স্থানলৈ যাব পাৰোঁ। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে অপাৰগতা প্রকাশ কৰি ক'লে যে, তেখেতৰ ওচৰত এনেকুৱা কোনো বাহন নাই যিটোক সি পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তেতিয়া উপস্থিত এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ, যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সেই ব্যক্তিজনক এই কথা জনালে যে, তেৱোঁ দানকাৰী ব্যক্তিৰ সমানেই ছোৱাব লাভ কৰিব, কাৰণ তেওঁ এজন অভাৱী ব্যক্তিক তাৰ প্রয়োজন পূৰণৰ সন্ধান দিছে।