হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিবোৰ কাৰণত মানুহে জান্নাতত প্রৱেশ কৰিব তাৰে মাজৰ সৰ্বাধিক ডাঙৰ দুটা কাৰণ হৈছে: আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰ। আল্লাহৰ তাক্বৱা অৱলম্বনৰ অৰ্থ হৈছে, নিজৰ আৰু আল্লাহৰ শাস্তিৰ মাজত এটা ব্যৱধান সৃষ্টি কৰা। এই ব্যৱধান সৃষ্টি কৰিবলৈ হ'লে আল্লাহৰ আদেশ পালন কৰিব লাগিব আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকিব লাগিব। আৰু উত্তম চৰিত্রৰ দ্বাৰা বুজোৱা হৈছে যেনে- হাঁহিমুখে সাক্ষাৎ কৰা, আনৰ উপকাৰ কৰা, কাকো কষ্ট নিদিয়া আদি। আনহাতে জাহান্নামত যোৱাৰ কাৰণসমূহৰ মাজত অন্যতম ডাঙৰ দুটা কাৰণ হৈছেঃ জিভা আৰু লজ্জাস্থান। জিভাৰ দ্বাৰা হোৱা গুনাহসমূহ হৈছে যেনে- মিছা কথা কোৱা, গীবত কৰা বা আনৰ সমালোচনা কৰা, চোগলী কৰা বা খলুৱাগিৰি কৰা ইত্যাদি। লজ্জাস্থানৰ দ্বাৰা হোৱা গুনাহসমূহ যেনে- ব্যভিচাৰ কৰা, সমকামিতা ইত্যাদি।