নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সৰ্বশক্তিমান আল্লাহে হাদীছে কুদছীত কৈছে যে, আদম সন্তানে বিপদ-আপদৰ সময়ত তথা দুখ কষ্টৰ সময়ত, সময়ক গালি পাৰি মোক কষ্ট দিয়ে, কাৰণ একমাত্ৰ আল্লাহেই সময়ৰ পৰিচালক আৰু নিয়ন্ত্ৰণকাৰী। গতিকে সময়ক গালি পাৰা মানে আল্লাহক গালি পাৰা বুজায়। সময় হৈছে আল্লাহৰ এটা সৃষ্টি তথা তেওঁৰ নিয়ন্ত্ৰণাধীন। ইয়াত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ নিৰ্দেশত কাৰ্যকৰী হয়।