নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমল হৈছে ছয় প্ৰকাৰ, আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ। এতেকে ছয় প্ৰকাৰৰ আমল যেনে- প্ৰথমঃ যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তাৰ ওপৰত জান্নাত অনিবাৰ্য। দ্বিতীয়ঃ যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, তাৰ ওপৰত চিৰস্থায়ীভাৱে জাহান্নাম অনিবাৰ্য। এই দুটা খুবেই গুৰুত্বপূৰ্ণ তথা অত্যাৱশ্যক। তৃতীয়ঃ নিয়তৰ ছোৱাব। যি ব্যক্তিয়ে সততাৰে কোনো নেক আমল কৰাৰ নিয়ত কৰিছে, আনকি অন্তৰত মনস্থ কৰিছে, যিটো নিয়ত সম্পৰ্কে আল্লাহ অৱগত, কিন্তু পিছত তেওঁ কোনো অসুবিধাৰ কাৰণে আমলটো কৰিব পৰা নাই, তথাপিও তাৰ আমলনামাত সেইটো নিয়তৰ কাৰণে পৰিপূৰ্ণ ছোৱাব লিখা হয়। চতুৰ্থঃ পাপকৰ্ম যিটো ইতিমধ্যে হৈ গৈছে। যিয়ে এটা পাপকৰ্ম কৰিছে, তাৰ আমলনামাত এটাই গুনাহ লিখা হয়। এই দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান। ইয়াৰ প্ৰতিদানৰ ক্ষেত্ৰত কোনো বৃদ্ধি কৰা নহয়। পঞ্চমঃ এনেকুৱা নেক আমল যিটোৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। অৰ্থাৎ যি ব্যক্তিয়ে নেক আমলৰ নিয়ত কৰিছে আৰু সেইটোক কৰ্মতো পৰিণত কৰিছে, তাৰ আমলনামাত দহটা ছোৱাব লিখা হয়। ষষ্ঠঃ এনেকুৱা নেক আমল, যিটোৰ প্ৰতিদান সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। উদাহৰণস্বৰূপে- যিয়ে আল্লাহৰ পথত এটা চাদাক্বাহ কৰিলে, ইয়াৰ বিনিময়ত তাৰ আমলনামাত সাতশগুণ পৰ্যন্ত ছোৱাব লিখা হয়। এইটো হৈছে বান্দাৰ ওপৰত আল্লাহৰ ৰহমত, দয়া আৰু কৰুণা। আনহাতে চাৰি প্ৰকাৰ মানুহ হৈছে যেনে- প্ৰথম প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱীত প্ৰশস্ত জীৱন লাভ কৰিছে, যাৰ জীৱিকাৰ কোনো অভাৱ নাই, সকলো প্ৰকাৰ সা-সুবিধা লাভ কৰিছে, যি বিচাৰে তাকেই পায়। কিন্তু আখিৰাতত সেই ব্যক্তিয়ে সংকটময় পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু জাহান্নামত প্ৰৱেশ কৰিব। সেইজন হৈছে ধনী কাফিৰ ব্যক্তি। দ্বিতীয় প্ৰকাৰঃ যি ব্যক্তিয়ে পৃথিৱীত জীৱিকাৰ ক্ষেত্ৰত সংকটময় জীৱন অতিবাহিত কৰিছে, সেই ব্যক্তিয়ে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব তথা তেওঁ জান্নাতত প্ৰৱেশ কৰিব। তেওঁ হৈছে দৰিদ্ৰ মুমিন ব্যক্তি। তৃতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে সংকটময় জীৱন অতিবাহিত কৰিব। সি হৈছে দৰিদ্ৰ কাফিৰ ব্যক্তি। চতুৰ্থ প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে প্ৰশস্ত জীৱন অতিবাহিত কৰিব। তেওঁ হৈছে ঐশ্বৰ্যশীল তথা ধনী মুমিন ব্যক্তি।