উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, তেওঁৰ ওচৰলৈ এজনী মহিলা তাইৰ দুজনী কন্যা সন্তান লগতলৈ আহি কিছু খোৱা বস্তু বিচাৰিলে। কিন্তু তেওঁ সেই মহিলাজনীক দিবলৈ ঘৰত এটা খেজুৰৰ বাহিৰে একো বিচাৰি নাপালে। সেয়ে তেওঁ সেই খেজুৰটোকে তাইক দি দিলে। খেজুৰটো লৈ মহিলাজনীয়ে নিজে নাখাই সেইটোক ফালি দুভাগ কৰি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত আহিল, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই ঘটনাটো তেখেতক জনালে। তেতিয়া তেখেতে ক'লেঃ যিয়ে কন্যা সন্তানৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুন্দৰভাৱে লালন কৰে, ভাল শিক্ষা দিয়ে, সিহঁতৰ খোৱা-বোৱাকে আদি কৰি ভৰণ-পোষণৰ যাৱতীয় বিষয় সুন্দৰভাৱে চোৱাচিতা কৰে, তাৰ বাবে এই কন্যা সন্তান জাহান্নামৰ জুইৰ পৰা পৰ্দা তথা আৱৰণৰ কাম কৰিব।