হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক কোমলতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। তেখেতে কৈছে যে, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল, নম্ৰ তথা মৰমিয়াল। তেওঁ সিহঁতৰ পৰা সহজটো বিচাৰে আৰু সিহঁতক কষ্টত পতিত কৰিব নিবিচাৰে। সেয়ে আল্লাহে তেওঁৰ বান্দাসকলক কেতিয়াও সিহঁতৰ সাধ্যাতীত দায়িত্ব অৰ্পণ নকৰে, আৰু তেওঁ বিচাৰে যে, তেওঁৰ বান্দাই কোমলতা অৱলম্বন কৰক, আৰু সকলো বিষয়ে সহজভাৱে গ্ৰহণ কৰক। গতিকে বান্দা কেতিয়াও কঠোৰ আৰু নিষ্ঠুৰ হ’ব নালাগে। কোমলতা অৱলম্বন কৰাৰ কাৰণে মহান আল্লাহে ইহকালত সুখ্যাতি, প্ৰয়োজনীয় বস্তু লাভ আৰু লক্ষ্য স্থানত উপনীত হোৱাৰ পথ সহজ কৰি দিয়ে, লগতে পৰকালত মহাপুৰস্কাৰ দিয়ে, এই প্ৰাপ্য কঠোৰতা আৰু নিষ্ঠুৰতাৰ ফলত অৰ্জন কৰা প্ৰাপ্যতকৈ অধিক বেছি। সেয়ে দয়া আৰু কোমলতাই যি কঢ়িয়াই আনে, সেয়া অন্য কোনো উপায়েৰে লাভ কৰিব নোৱাৰি।