ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব, যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।" ছহীহ - رواه الإمام أحمد والترمذي والنسائي وابن ماجه وابن حبان في صحيحه والحاكم
explain-icon

ব্যাখ্যা

এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সকলো কৰ্মতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰিবলৈ উৎসাহিত কৰিছে। তাৱাক্কুল হৈছে, দ্বীনি আৰু দুনিয়াৱী কামত কল্যাণ লাভ কৰাৰ বাবে আৰু অনিষ্ট দূৰ কৰাৰ বাবে আল্লাহ তা‘আলাৰ ওপৰত নিৰ্ভৰ কৰা। কিয়নো, আল্লাহেই প্ৰদান কৰে, তেৱেঁই বঞ্চিত কৰে, ক্ষতি আৰু উপকাৰ তেওঁৰ ফালৰ পৰাই হয়। গতিকে আমি আল্লাহৰ ওপৰত সঠিকৰূপে ভৰসা কৰি এনেকুৱা উপায় অৱলম্বন কৰিব লাগে যাৰ দ্বাৰা উপকাৰ সাধন হ'ব আৰু বিপদ-আপদ দূৰ হ'ব। এতেকে যেতিয়া আমি এইটো কৰিম তেতিয়া আল্লাহে আমাক সেইদৰেই জীৱিকা দান কৰিব যিদৰে তেওঁ চৰাই-চিৰিকটি বিলাকক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু সন্ধিয়া উদৰ ভৰাই গুচি আহে। চৰাই-চিৰিকটিৰ এই কৰ্মটো হৈছে কোনো ধৰণৰ সংকোচ আৰু অৱহেলা নকৰাকৈ জীৱিকা অৰ্জনৰ অন্যতম এটা উপায়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • তাৱাক্কুলৰ ফজিলত। তাৱাক্কুল হৈছে জীৱিকা উপাৰ্জনৰ মাধ্যমসমূহৰ অন্যতম এটা মাধ্যম।
  • উপায় অৱলম্বন কৰাটো তাৱাক্কুলৰ পৰিপন্থী নহয়। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, প্ৰকৃত তাৱাক্কুল পুৱা গধূলি জীৱিকাৰ অনুসন্ধ্যানত ওলাই যোৱাৰ পৰিপন্থী নহয়।
  • চৰীয়তে অন্তৰৰ আমলৰ প্ৰতিও গুৰুত্ব প্রদান কৰিছে। কাৰণ, তাৱাক্কুল হৈছে অন্তৰৰ আমল।
  • অকল উপায় অৱলম্বনৰ ওপৰত নিৰ্ভৰ কৰাটো হৈছে ধৰ্মীয় জ্ঞানৰ অভাৱ। আনহাতে উপায় অৱলম্বন ত্যাগ কৰাটো হৈছে বিবেকৰ অভাৱ।
explain-icon

অধিক