আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে। ছহীহ - (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শ্ৰৱণ কৰিব পৰা বা দৃশ্যমান কোনো বস্তু যেনে- চৰাই-চিৰিকটি, জীৱ-জন্তু, অক্ষম ব্যক্তি, কোনো সংখ্যা অথবা দিন আদিক অশুভ বুলি বিশ্বাস কৰিবলৈ সতৰ্ক কৰিছে। হাদীছটোত চৰাই-চিৰিকটিৰ বিষয়টো বিশেষকৈ উল্লেখ এইকাৰণে কৰিছে যে, অজ্ঞতা যুগত ইয়াক শুভ-অশুভ লক্ষণৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল। সেই সময়ৰ আৰবীয়ানসকলে যেতিয়া কোনো কাম আৰম্ভ কৰিছিল, যেনে- ভ্ৰমণ হওক অথবা ব্যৱসায়-বাণিজ্য আদি, তেতিয়া সিহঁতে এটা চৰাই উৰুৱাইছিল। যদি চৰাইটো সোঁফালে উৰিছিল তেতিয়া সেইটোক শুভ লক্ষণ বুলি গণ্য কৰিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেতিয়া ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰি সেই কৰিবলগীয়া কামটো বাতিল কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াক শ্বিৰ্ক বুলি কৈছে। শ্বিৰ্ক এইকাৰণে যে, কল্যাণ কঢ়িয়াই আনিব পৰা আৰু অকল্যাণ দূৰ কৰিব পৰা শক্তি আল্লাহৰ বাহিৰে আন কাৰো ওচৰত নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। বৰ্ণনাকাৰী ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে এই কথা উল্লেখ কৰিছে যে, কেতিয়াবা কেতিয়াবা মুছলমানৰ অন্তৰতো এনেকুৱা শুভ-অশুভ লক্ষণৰ কথা মনলৈ আহে, তেনে অৱস্থাত তেওঁ সঠিক পন্থা অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰি এনেকুৱা মনোভাৱ দূৰ কৰিব লাগে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • অশুভ লক্ষণ বিশ্বাস কৰাটো হৈছে শ্বিৰ্ক। কিয়নো ইয়াৰ দ্বাৰা আল্লাহৰ বাহিৰে আনৰ সৈতে সম্পৰ্ক স্থাপন হয়।
  • গুৰুত্বপূৰ্ণ বিষয়সমূহ পুনৰাবৃত্তি কৰাৰ গুৰুত্ব। যাতে মনত ৰাখিবলৈ সহজ হয় আৰু অন্তৰত গাঁথি পৰে।
  • আল্লাহৰ ওপৰত তাৱাক্কুল বা ভৰসাৰ জৰিয়তে অশুভ লক্ষণ আদি অন্ধবিশ্বাসৰ পৰা ৰক্ষা পাব পাৰি।
  • হাদীছটোত কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰিবলৈ আৰু তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ নিৰ্দেশ দিছে।