নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শ্ৰৱণ কৰিব পৰা বা দৃশ্যমান কোনো বস্তু যেনে- চৰাই-চিৰিকটি, জীৱ-জন্তু, অক্ষম ব্যক্তি, কোনো সংখ্যা অথবা দিন আদিক অশুভ বুলি বিশ্বাস কৰিবলৈ সতৰ্ক কৰিছে। হাদীছটোত চৰাই-চিৰিকটিৰ বিষয়টো বিশেষকৈ উল্লেখ এইকাৰণে কৰিছে যে, অজ্ঞতা যুগত ইয়াক শুভ-অশুভ লক্ষণৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল। সেই সময়ৰ আৰবীয়ানসকলে যেতিয়া কোনো কাম আৰম্ভ কৰিছিল, যেনে- ভ্ৰমণ হওক অথবা ব্যৱসায়-বাণিজ্য আদি, তেতিয়া সিহঁতে এটা চৰাই উৰুৱাইছিল। যদি চৰাইটো সোঁফালে উৰিছিল তেতিয়া সেইটোক শুভ লক্ষণ বুলি গণ্য কৰিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেতিয়া ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰি সেই কৰিবলগীয়া কামটো বাতিল কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াক শ্বিৰ্ক বুলি কৈছে। শ্বিৰ্ক এইকাৰণে যে, কল্যাণ কঢ়িয়াই আনিব পৰা আৰু অকল্যাণ দূৰ কৰিব পৰা শক্তি আল্লাহৰ বাহিৰে আন কাৰো ওচৰত নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। বৰ্ণনাকাৰী ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে এই কথা উল্লেখ কৰিছে যে, কেতিয়াবা কেতিয়াবা মুছলমানৰ অন্তৰতো এনেকুৱা শুভ-অশুভ লক্ষণৰ কথা মনলৈ আহে, তেনে অৱস্থাত তেওঁ সঠিক পন্থা অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰি এনেকুৱা মনোভাৱ দূৰ কৰিব লাগে।