এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সকলো কৰ্মতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰিবলৈ উৎসাহিত কৰিছে। তাৱাক্কুল হৈছে, দ্বীনি আৰু দুনিয়াৱী কামত কল্যাণ লাভ কৰাৰ বাবে আৰু অনিষ্ট দূৰ কৰাৰ বাবে আল্লাহ তা‘আলাৰ ওপৰত নিৰ্ভৰ কৰা। কিয়নো, আল্লাহেই প্ৰদান কৰে, তেৱেঁই বঞ্চিত কৰে, ক্ষতি আৰু উপকাৰ তেওঁৰ ফালৰ পৰাই হয়। গতিকে আমি আল্লাহৰ ওপৰত সঠিকৰূপে ভৰসা কৰি এনেকুৱা উপায় অৱলম্বন কৰিব লাগে যাৰ দ্বাৰা উপকাৰ সাধন হ'ব আৰু বিপদ-আপদ দূৰ হ'ব। এতেকে যেতিয়া আমি এইটো কৰিম তেতিয়া আল্লাহে আমাক সেইদৰেই জীৱিকা দান কৰিব যিদৰে তেওঁ চৰাই-চিৰিকটি বিলাকক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু সন্ধিয়া উদৰ ভৰাই গুচি আহে। চৰাই-চিৰিকটিৰ এই কৰ্মটো হৈছে কোনো ধৰণৰ সংকোচ আৰু অৱহেলা নকৰাকৈ জীৱিকা অৰ্জনৰ অন্যতম এটা উপায়।