নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সকলো বস্তুৰ বাবে এটা সাধাৰণ নিয়ম উল্লেখ কৰিছে যে, চৰীয়তত সকলো বস্তুক তিনিটা ভাগত ভাগ কৰা হৈছে। হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট আৰু ইয়াৰ মাজত আছে কিছুমান সন্দেহজনক বস্তু, যিবোৰৰ বিধান স্পষ্ট নহয়, যিবোৰ হালাল নে হাৰাম সেই বিষয়ে বহুতেই নাজানে। গতিকে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিব তেওঁ হাৰামত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনকি মানুহৰ ককৰ্থনাৰ পৰাও সুৰক্ষিত থাকিব, কাৰণ এইবোৰত পতিত হ'লে বিভিন্নজনে বিভিন্ন কথাৰ জৰিয়তে তাক আঘাত কৰিব। আনহাতে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি নাথাকিব, সি হয়তো হাৰামত লিপ্ত হ'ব নাইবা মানুহৰ ককৰ্থনাৰ সন্মুখীন হ'ব। এইদৰে ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্দেহযুক্ত বিষয়ত লিপ্ত হোৱা ব্যক্তিৰ অৱস্থা সম্পৰ্কে এটা স্পষ্ট উদাহৰণ দিছে। যেনে- এজন গৰখীয়াই যদি কোনো সংৰক্ষিত এলেকাৰ ওচৰে পাঁজৰে নিজৰ পশুবোৰ চৰিবলৈ দিয়ে, তেন্তে তাৰ পশুবোৰ সেই সংৰক্ষিত এলেকাত সোমাই যোৱাৰ অধিক সম্ভাৱনা থাকে। ঠিক সেইদৰে যিয়ে সন্দেহযুক্ত কোনো বিষয়ত লিপ্ত থাকে সি হাৰামত লিপ্ত হোৱাৰ অধিক নিকটৱৰ্তী হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শৰীৰৰ ভিতৰত এটুকুৰা মাংসপিণ্ড আছে (অৰ্থাৎ হৃদপিণ্ড) যিটো ঠিক থাকিলে গোটেই শৰীৰেই ঠিক থাকে আৰু সেইটো বেয়া হ'লে গোটেই শৰীৰেই বেয়া হয়।