explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে (বান্দাসকলক) চৰীয়তৰ বিধি-বিধানত অৱকাশ দি ভাল পায়। যেনে- বিভিন্ন ইবাদতৰ বিধি-বিধান লাঘৱ কৰা, এইদৰে উচিত কাৰণ থকা অৱস্থাত দায়বদ্ধ লোকৰ পৰা বিধান লাঘৱ কৰা যেনে- ভ্ৰমণ অৱস্থাত চালাত কচৰ কৰা তথা দুই নামাজ একেলগে পঢ়াৰ সুবিধা প্ৰদান কৰা। এইদৰে আল্লাহে বান্দাসকলক বাধ্যতামূলক তথা ওৱাজিব আমল প্ৰদান কৰিও ভাল পায়। কিয়নো আল্লাহে অৱকাশমূলক আৰু বাধ্যতামূলক দুয়ো ধৰণৰ আমলৰ নিৰ্দেশ দিছে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • বান্দাসকলৰ প্ৰতি এইটো আল্লাহৰ কৰুণা, তেওঁ এইটো ভাল পায় যে, বান্দাসকলে সেইবোৰ বিধানক আমলত পৰিণত কৰক যিবোৰ তেওঁ চৰীয়তত অৱকাশ দি থৈছে।
  • এই চৰীয়তটো হৈছে পূৰ্ণাংগ চৰীয়ত। লগতে এই চৰীয়তত মুছলিমসকলৰ পৰা আল্লাহে সকলো কষ্টদায়ক আমল লাঘৱ কৰিছে।