উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চাহাবাসকলক কোনো আমল কৰাৰ নিৰ্দেশ দিছিল, তেতিয়া তেখেতে তেওঁলোকৰ সাধ্যানুযায়ী সহজ আমলৰ নিৰ্দেশ দিছিল, যাতে তেওঁলোকৰ বাবে কঠিন নহয়, এই আশংকাত যে, তেওঁলোকে যেন পালনৰ ক্ষেত্ৰত অপাৰগ হৈ নপৰে। লগতে তেখেতে নিজেও সেই আমলটো কৰিছিল। কিন্তু চাহাবাসকলে ইয়াতকৈও কঠিন আমলৰ আবেদন কৰিলে। এই উদ্দেশ্যত যে, বেছি কঠিন আমল কৰিলেহে অধিক উন্নত মৰ্যাদা লাভ হয়। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ দৰে নহয়। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিছে, আপুনি সহজ আমল কৰিলেই যথেষ্ট। এই কথা শুনি তেখেতে ক্ৰোধান্বিত হৈ পৰিল, তেখেতৰ ক্ৰোধ মুখমণ্ডলত প্ৰস্ফুটিত হৈ পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ শুনা! তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ, আৰু আল্লাহ সম্পৰ্কে মইহে বেছি অৱগত। গতিকে মই তোমালোকক যিটো নিৰ্দেশ দি আছোঁ, সেইটো কৰা।