নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, অজু গোছল আদি হৈছে প্ৰকাশ্য তাহাৰত বা পৱিত্ৰতা, আৰু এইটো হৈছে চালাতৰ চৰ্ত। এইদৰে তেখেতে কৈছে, আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰে, অৰ্থাৎ মহান আল্লাহক প্ৰশংসা কৰা আৰু তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা আদি কৰ্মক কিয়ামতৰ দিনা যেতিয়া ওজন কৰা হ'ব তেতিয়া ই আমলৰ পাল্লাক পৰিপূৰ্ণ তথা গধূৰ কৰিব। ছুবহানাল্লাহ আৰু আলহাম্দুলিল্লাহ’ অৰ্থাৎ আল্লাহক সকলো প্রকাৰ দোষ-ত্রুটিৰ পৰা পৱিত্ৰতা ঘোষণা কৰা আৰু মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা, যিটো তেওঁৰ বাবে প্ৰযোজ্য, এই কৰ্মই আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইক পূৰ্ণ কৰি দিব। এইদৰে চালাত হৈছে বান্দাৰ বাবে নূৰ, এই নূৰ প্ৰকাশ পাব তেওঁৰ অন্তৰত, তেওঁৰ মুখমণ্ডলত, তেওঁৰ কবৰত আৰু হাশ্বৰত। চাদাক্বাহ হৈছে বুৰহান বা দলীল। অৰ্থাৎ মুমিনৰ প্ৰকৃত ঈমানৰ প্ৰমাণ। পক্ষান্তৰে মুনাফিকৰ বাবে এইটো প্ৰমাণ নহয়, কাৰণ মুনাফিকে ইয়াৰ পৰা বিৰত থাকে আৰু আখিৰাতক বিশ্বাস নকৰে। আৰু ধৈৰ্য্য হৈছে পোহৰ। অৰ্থাৎ ক্ৰোধ আৰু বিপদ-আপদত নিজৰ নফছক সংযত ৰখা। পোহৰৰ সৈতে উষ্ণতা আৰু জ্বলাব পৰা শক্তি থাকে। যেনে- সূৰ্য্যৰ পোহৰ। কিয়নো এইটো কঠিন আৰু ইয়াৰ বাবে প্ৰবৃত্তিৰ চাহিদাৰ বিপক্ষে যুঁজ দিব লাগে, সেইকাৰণে ধৈৰ্য্য ধাৰণ কৰা ব্যক্তিয়ে সদায় আলোৰ পথত হিদায়ত প্ৰাপ্ত হৈ সঠিক পথত অবিচল থাকে। ইয়াৰ বাবে আল্লাহৰ আনুগত্যত আৰু তেওঁৰ অবাধ্যতাৰ পৰা ধৈৰ্য্য ধাৰণ কৰিব লাগিব, লগতে পাৰ্থিৱ জীৱনৰ বিভিন্ন দুখ-কষ্ট আৰু বিপদ-আপদত ধৈৰ্য্য ধৰিব লাগিব। এইদৰে কোৰআন তোমাৰ সপক্ষে প্ৰমাণ হৈ থিয় দিব, যদি তুমি ইয়াক তিলাৱত কৰা আৰু সেইমতে আমল কৰা। অথবা তোমাৰ বিপক্ষে প্ৰমাণ হ'ব, যদি তুমি ইয়াৰ প্ৰতি আমল পৰিত্যাগ কৰা আৰু তিলাৱত নকৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, প্ৰতিজন মানুহে জীৱনত চেষ্টা সাধনা কৰে, আৰু টোপনিৰ পৰা উঠি বিভিন্ন কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই যায়। সিহঁতৰ মাজৰ কিছুমানে সঠিকভাৱে আল্লাহৰ আনুগত্য কৰে আৰু নিজকে জাহান্নামৰ পৰা মুক্ত কৰে, আনহাতে কিছুমানে তেওঁৰ পথৰ পৰা আঁতৰি যায় আৰু গুনাহত লিপ্ত হয়, ফলত সি ধ্বংস হৈ জাহান্নামত প্ৰৱেশ কৰে।