হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ফৰজ নামাজৰ সময় হোৱাৰ পিছত যিজন মুছলিমে সুন্দৰকৈ উত্তমভাৱে পৰিপূৰ্ণৰূপে অজু কৰে, আৰু তাৰ পিছত অন্তৰত ভয় আৰু আশালৈ কিবলামুখী হৈ উপস্থিত মনেৰে আল্লাহৰ সন্মুখত থিয় হৈ নামাজ আদায় কৰে। লগতে নামাজৰ যাৱতীয় কৰ্ম পৰিপূৰ্ণৰূপে আদায় কৰে, তেন্তে তাৰ এই নামাজ পূৰ্বৱৰ্তী সকলো সৰু গুনাহৰ কাফফাৰা হৈ যায়। যদিহে সি কোনো কাবীৰাহ গুনাহ কৰা নাই। এইটো সকলো সময়তে আৰু প্ৰত্যেক নামাজৰ ক্ষেত্ৰতে প্ৰযোজ্য থাকে।