জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই কথাৰ ওপৰত বাইআত গ্ৰহণ কৰিছোঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। নামাজ প্ৰতিষ্ঠা কৰিব লাগিব, জাকাত আদায় দিব লাগিব, শাসকৰ নিৰ্দেশনা মানিব লাগিব, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'ব লাগিব।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

চাহাবী জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত প্ৰতিশ্ৰুতি লৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকিবলৈ, দিনে ৰাতি পাঁচ ওৱাক্ত চালাত ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুনানসমূহ সহকাৰে আদায় কৰিবলৈ, ফৰজ জাকাত আদায় কৰিবলৈ, এইটো হৈছে আৰ্থিক অনিবাৰ্য ইবাদত, যিটো ধনী মানুহৰ পৰা সংগ্ৰহ কৰি, দুখীয়া দৰিদ্ৰ অভাৱী লোকৰ মাজত বিতৰণ কৰা হয়। এইদৰে শাসকসকলৰ আনুগত্য কৰিবলৈ, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'বলৈ প্ৰতিশ্ৰুতি লৈছে। কাৰণ এইটো বৰ উপকাৰী, তেওঁৰ বাবে কল্যাণকৰ। কথা আৰু কৰ্মৰ অনিষ্টতাৰ পৰা সুৰক্ষিত থাকিব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত নামাজৰ আৰু জাকাতৰ গুৰুত্ব বৰ্ণিত হৈছে, আৰু এই দুটা হৈছে ইছলামৰ অন্যতম আৰকান।
  • শুভ কামনা কৰাৰ গুৰুত্ব, বিশেষকৈ মুছলিমসকলৰ মাজত ইজনে সিজনৰ কল্যাণ কামনা কৰাৰ গুৰুত্ব। সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ পৰা এই বিষয়ে বাইআত লৈছে।
explain-icon

অধিক