হাদীছটোত উল্লেখ হৈছে যে, আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুমা মছজিদত প্ৰৱেশ কৰি নফল নামাজ পঢ়িলে আৰু চুটিকৈ নামাজ পঢ়িলে। যেতিয়া তেওঁ মছজিদৰ পৰা ওলাই আহিল, আব্দুল্লাহ বিন আনামা তেওঁৰ ওচৰলৈ গৈ সুধিলে যে, হে আবু য়াকজান! মই আপোনাক দেখিলোঁ আপুনি অত্যন্ত চুটিকৈ নামাজ পঢ়ি গুচি আহিলে। তেতিয়া আম্মাৰে ক'লেঃ তুমি মোক নামাজৰ কোনো এটা ৰুকন, ওৱাজিবাত বা চৰ্ত আদি কিবা এৰি দিয়া দেখিছা নেকি? তেওঁ ক'লেঃ নহয়। ইয়াৰ পিছত আম্মাৰে ক'লেঃ শুনা! চয়তানে মোক অসুবিধা দিয়াৰ আগতেই মই মোৰ নামাজ চুটিকৈ পঢ়ি শেষ কৰিছোঁ। মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব দহ ভাগৰ এভাগ পায়, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।