হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে আল্লাহৰ ওচৰত শ্বাহাদত কামনা কৰিব তথা আল্লাহৰ পথত নিহত হোৱাটো কামনা কৰিব, যদি তাৰ নিয়্যত নির্ভেজাল থাকে, তেন্তে আল্লাহে তেওঁক শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ যুদ্ধ নকৰাকৈ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।