নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰাত, তেখেতে কৈছেঃ আটাইতকৈ ডাঙৰ নেকী হৈছে উত্তম চৰিত্ৰ। আল্লাহৰ সৈতে উত্তম আচৰণৰ অৰ্থ হৈছে, তেওঁৰ তাক্বৱা অৱলম্বন কৰা। সৃষ্টিৰ সৈতে উত্তম আচৰণৰ অৰ্থ হৈছে, সিহঁতক কষ্ট নিদিয়া। সাধ্য অনুসৰি খং নকৰা, হাঁহিমুখে থকা, উত্তম কথা কোৱা, আত্মীয়তাৰ বন্ধন বজায় ৰখা, নেক কৰ্ম কৰা, নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰা, সংগী-সাৰথিৰ সৈতে সদাচৰণ কৰা আদি। গুনাহ সেইটোক কোৱা হয়, যিটো কৰিলে অন্তৰ কঁপে আৰু অন্তৰত অশান্তি বিৰাজ কৰে। যেতিয়া কোনো কাম সম্পৰ্কে মনত সন্দেহ হয় বা ভয় হয় যে, সেইটো চাগে গুনাহ হ’ব পাৰে, আৰু সি সেইটোক বেয়া বুলি গণ্য কৰি আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে, বিশেষকৈ সন্মানীয় মানুহৰ সন্মুখত, তেন্তে এইটোৱে প্ৰমাণ কৰে যে, সেইটো হৈছে এটা গুনাহৰ কাম। কাৰণ মানুহৰ স্বভাৱে এইটো বিচাৰে যে, মানুহে কেৱল তাৰ ভাল কামবোৰ চাওক। এতেকে যেতিয়া কোনো ব্যক্তিয়ে এইটো বিচাৰে যে, তাৰ কিছুমান কাম জনসাধাৰণৰ দৃষ্টিৰ পৰা গোপন থাকক, তেন্তে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, সেইটো হৈছে এটা গুনাহ, যিটোৰ মাজত কোনো কল্যাণ নাই।