উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাই উল্লেখ কৰিছে যে, তেওঁ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথা কওঁতে শুনিছে যে, যেতিয়া কোনো মুছলিমৰ ওপৰত মুচীবত আহে, তেতিয়া তেওঁ সেইটোৱে ক'ব লাগে যিটো আল্লাহে তেওঁৰ বাবে পছন্দ কৰিছেঃ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) লগতে এই দুআ পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক এই বিপদৰ সময়ত ধৈৰ্য্যৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত তুমি মোক ইয়াতকৈও উত্তম বস্তু দান কৰা।) সেই ব্যক্তিক মহান আল্লাহে সেই বস্তুতকৈ উত্তম বস্তু প্ৰদান কৰে। উম্মু ছালামাই কৈছেঃ আবু ছালামাৰ মৃত্যুৰ পিছত মই মনে মনে ভাবিলোঁ, মুছলিমসকলৰ মাজত আবু ছালামাতকৈ উত্তম মইনো আৰু কাক পাম? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তেৱেঁই প্ৰথম হিজৰত কৰি আহিছিল। ইয়াৰ পিছত আল্লাহে মোক সহায় কৰিলে আৰু মই দুআটো পাঠ কৰিলোঁ। ফলত আল্লাহে মোক আবু ছালামাতকৈ উত্তম ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক স্বামী হিচাপে দান কৰিলে।