যি ব্যক্তিয়ে অন্তৰ অথবা কর্ম নাইবা উভয়ৰ দ্বাৰা এনেকুৱা কোনো বস্তুৰ পিনে ধাৱিত হয় আৰু সেইটোৰ পৰা উপকাৰ লাভ কৰাৰ আশা কৰে অথবা ক্ষতি প্রতিহত কৰাৰ আশা কৰে, আল্লাহ তা‘আলাই সেই ব্যক্তিক সেই বস্তুটোৰ ওপৰতেই নিৰ্ভৰশীল কৰি দিয়ে যিটোৰ প্ৰতি সি ধাৱিত হৈছে। আনহাতে যিয়ে আল্লাহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট হ’ব আৰু আল্লাহে তাৰ বাবে সকলো কঠিন কাম সহজ কৰি দিব। পক্ষান্তৰে যি ব্যক্তিয়ে গাইৰুল্লাহৰ সৈতে সম্পৃক্ত স্থাপন কৰিব, আল্লাহ তা‘আলাই তাক তাৰেই শৰণাপন্ন কৰি দিব আৰু অপমান অপদস্থ কৰিব।