ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কিছুমান গুনাহৰ কথা আলোচনা কৰিছে যিবোৰক ডাঙৰ গুনাহ হিচাপে গণ্য কৰা হয়। সেয়া হৈছে, আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা তেওঁৰ ৰুবূবিয়্যাতত আৰু ইবাদতত। এই পইণ্টটোক প্রথমে আলোচনা কৰিছে, কাৰণ এইটো হৈছে আটাইতকৈ মহাপাপ। আল্লাহৰ পৰা হতাশ তথা নিৰাশ হোৱা। কাৰণ এইটো হৈছে আল্লাহৰ প্রতি বেয়া ধাৰণা আৰু তেওঁৰ ৰহমতৰ ব্যাপকতা সম্পর্কে অজ্ঞতাৰ প্রমাণ। আন এটা গুনাহ হৈছে এই যে, আল্লাহে বান্দাক যিবোৰ নিআমতৰ দ্বাৰা অৱকাশ দিয়ে সেইবোৰ পাই বান্দাৰ অমনোযোগী হৈ থকা যে, আল্লাহে তাক জবাবদিহি নকৰিব। উক্ত হাদীছটোত কবীৰাহ গুনাহ গণনা কৰা হোৱা নাই, তথা এইকেইটাই যে কবীৰা গুনাহ এই কথাও এই হাদীছৰ উদ্দেশ্য নহয়। কিয়নো কবীৰাহ গুনাহৰ সংখ্যা বহুত, ইয়াত কেৱল ডাঙৰ ডাঙৰ কেইটামানৰ কথা বর্ণনা কৰা হৈছে।