আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “আটাইতকৈ ডাঙৰ কবীৰাহ গুনাহ হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰা নিৰাপদ বুলি ভবা, আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা আৰু আল্লাহৰ প্রশস্ততাৰ পৰা হতাশ হোৱা।” ইয়াৰ চনদ ছহীহ - আব্দুৰ ৰাজ্জাকে বৰ্ণনা কৰে
explain-icon

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কিছুমান গুনাহৰ কথা আলোচনা কৰিছে যিবোৰক ডাঙৰ গুনাহ হিচাপে গণ্য কৰা হয়। সেয়া হৈছে, আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা তেওঁৰ ৰুবূবিয়্যাতত আৰু ইবাদতত। এই পইণ্টটোক প্রথমে আলোচনা কৰিছে, কাৰণ এইটো হৈছে আটাইতকৈ মহাপাপ। আল্লাহৰ পৰা হতাশ তথা নিৰাশ হোৱা। কাৰণ এইটো হৈছে আল্লাহৰ প্রতি বেয়া ধাৰণা আৰু তেওঁৰ ৰহমতৰ ব্যাপকতা সম্পর্কে অজ্ঞতাৰ প্রমাণ। আন এটা গুনাহ হৈছে এই যে, আল্লাহে বান্দাক যিবোৰ নিআমতৰ দ্বাৰা অৱকাশ দিয়ে সেইবোৰ পাই বান্দাৰ অমনোযোগী হৈ থকা যে, আল্লাহে তাক জবাবদিহি নকৰিব। উক্ত হাদীছটোত কবীৰাহ গুনাহ গণনা কৰা হোৱা নাই, তথা এইকেইটাই যে কবীৰা গুনাহ এই কথাও এই হাদীছৰ উদ্দেশ্য নহয়। কিয়নো কবীৰাহ গুনাহৰ সংখ্যা বহুত, ইয়াত কেৱল ডাঙৰ ডাঙৰ কেইটামানৰ কথা বর্ণনা কৰা হৈছে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • গুনাহ হৈছে দুই প্ৰকাৰঃ ডাঙৰ আৰু সৰু।
  • শ্বিৰ্ক হৈছে মহাপাপ, আৰু আটাইতকৈ ডাঙৰ কবীৰাহ গুনাহ।
  • আল্লাহৰ সন্মুখত জবাবদিহিৰ পৰা অমনোযোগী হোৱা তথা তেওঁৰ ৰহমতৰ পৰা নিৰাশ হোৱা হাৰাম। তথা উভয়টোৱে হৈছে কবীৰাহ গুনাহ।
  • ষড়যন্ত্রকাৰীসকলৰ মোকাবিলাত আল্লাহক ষড়যন্ত্রৰ গুণেৰে গুণান্বিত কৰা বৈধ। এইটো হৈছে পূর্ণতাৰ গুণ। কিন্তু নিন্দনীয় হৈছে সেই ব্যক্তিৰ বিপক্ষে ষড়যন্ত্র কৰা, যাৰ সৈতে ষড়যন্ত্র কৰা উপযোগী নহয়।
  • বান্দাৰ প্ৰতি ওৱাজিব হৈছে ভয় আৰু আশাৰ মাজত অৱস্থান কৰা। ভয়ৰ সময়ত হতাশ হোৱা উচিত নহয়। আনহাতে আশাৰ সময়ত নিশ্চিত থকাও ঠিক নহয়।
  • আল্লাহৰ মৰ্যাদা অনুযায়ী তেওঁৰ বাবে ৰহমতৰ গুণ সাব্যস্ত কৰা।
  • আল্লাহৰ প্রতি ভাল ধাৰণা পোষণ কৰা ওৱাজিব।