নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে বান্দাসকলৰ তিনিটা বৈশিষ্ট্য পছন্দ কৰে আৰু তিনিটা বৈশিষ্ট্যক অপছন্দ কৰে। তেওঁ পছন্দ কৰা বৈশিষ্ট্য তিনিটা হৈছেঃ আল্লাহক একক বুলি স্বীকাৰ কৰি একমাত্ৰ তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা। মহান আল্লাহৰ অঙ্গীকাৰ মজবুতভাৱে পূৰণ কৰা, তথা সকলোৱে কোৰআন আৰু নবীৰ ছুন্নত মুতাবিক আমল কৰা। এইদৰে মুছলিমসকলৰ জামাআতৰ পৰা বিচ্ছিন্ন নোহোৱা। তেওঁ অপছন্দ কৰেঃ বান্দাসকলে যাতে অনৰ্থক কথা বতৰা তথা অপ্ৰয়োজনীয় বিষয়ত লাগি নাথাকে। এনেকুৱা বিষয়ে প্ৰশ্ন কৰা যিটো সংঘটিত হোৱা নাই অথবা মানুহৰ ওচৰত সিহঁতৰ ধন সম্পদ বিচৰা বা সিহঁতৰ ওচৰত যি আছে সেয়া বিচৰা, কোনো প্ৰয়োজন নোহোৱাকৈ। এইদৰে সম্পদ বিনষ্ট কৰা, চৰীয়তি কোনো শিতানৰ বিপৰীতে অযথা তথা অপচয় কৰি সম্পদ বিনষ্ট কৰা, ধ্বংসাত্মক শিতানত ব্যয় কৰা।