নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে কোনো মুছলিমে যেন এনেকৈ নকয় যে, "আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে।" অথবা, "আল্লাহে আৰু অমুকে যি বিচাৰে।" এইদৰে ক'বলৈ এই কাৰণে নিষেধ কৰিছে যে, আল্লাহৰ ইচ্ছা আৰু ইৰাদা হৈছে ব্যাপক, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। আনহাতে ইয়াত যদি "আৰু" শব্দটো ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা এইটো বুজায় যে, আল্লাহৰ অংশীদাৰ আছে তথা উভয়ৰ মাজত কোনো পাৰ্থক্য নাই। সেয়ে এনেকৈ ক'ব লাগে যে, "আল্লাহে যি বিচাৰে, তাৰ পিছত অমুকে যি বিচাৰে।" এতেকে "আৰু"ৰ ঠাইত "তাৰ পিছত" শব্দ ব্যৱহাৰ কৰিলে বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ বুলি প্ৰমাণিত হ'ব। পক্ষান্তৰে 'আৰু' ব্যৱহাৰ কৰিলে সেইটো নুবুজায়।