নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল আৰু তেখেতৰ সৈতে থকা লোকসকল নিজৰ নিজৰ শোৱনি কোঠা তথা তম্বুৰ ভিতৰত শুই আছিল, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বাৰ্তাবাহক হিচাপে প্ৰেৰণ কৰি নিৰ্দেশ পঠিয়ালে যে, উটৰ ডিঙিত ওলমি থকা প্ৰতিটো বস্তু যেন কাটি পেলায়, ধেনুৰ ৰছীৰ হাৰ হওক বা বেলেগ কোনো হাৰ নাইবা ঘণ্টা বা জোতা আদি, যিবোৰ সাধাৰণতে মানুহে কুঃদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ওলমাই দিয়ে। সেইবোৰক তেখেতে কাটি পেলাবলৈ নিৰ্দেশ দিছে। কাৰণ এইবোৰৰ দ্বাৰা কোনো উপকাৰ নহয়। ক্ষতি আৰু উপকাৰৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।