এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিজৰ প্ৰয়োজনীয় বিষয় সম্পৰ্কে আলোচনা কৰিলে, ইয়াৰ পিছত ক'লেঃ "আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা।" এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কথাটোৰ প্ৰতিবাদ কৰিলে, আৰু জনাই দিলে যে, আল্লাহৰ ইচ্ছাৰ সৈতে সৃষ্টিৰ ইচ্ছাক একত্ৰিত কৰি উল্লেখ কৰাটো হৈছে শ্বিৰ্কে আচগৰ। এনেকুৱা কথা উচ্চাৰণ কৰাটো মুছলিমৰ বাবে বৈধ নহয়। ইয়াৰ পিছত তেখেতে সঠিক কথাটো শিকাই ক'লে এইদৰে কোৱাঃ একমাত্ৰ আল্লাহৰ যি ইচ্ছা। তেখেতে আল্লাহৰ ইচ্ছাক একক বুলি জনাইছে। তেওঁৰ ইচ্ছাৰ সৈতে কাৰো কোনো ইচ্ছাই জৰিত নহয়।