উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম কঠিন বেমাৰত মৃত্যুশয্যাত থকা অৱস্থাত কৈছেঃ ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰ কৰক। কাৰণ সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহক ছাজদাৰ ঠাইত পৰিণত কৰিছে। সেইবোৰ কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য্য কৰিছে, সিহঁতে তাত নামাজ পঢ়ে অথবা সেইফালে মুখ কৰি ইবাদত কৰে। ইয়াৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যদি নিষেধ নকৰিলেহেঁতেন তথা এই বিষয়ে সতৰ্ক নকৰিলেহেঁতেন আৰু চাহাবাসকলে যদি এই আশংকা নকৰিলেহেঁতেন যে, তেখেতৰ কবৰৰ সৈতেও তেনেকুৱা আচৰণ হ'ব পাৰে, যিদৰে ইয়াহুদী আৰু খ্ৰীষ্টানসকলে সিহঁতৰ নবীসকলৰ কবৰৰ সৈতে কৰিছে, তেন্তে তেখেতৰ কবৰ উন্মুক্ত ৰখা হ'লহেঁতেন।