আঈশ্বা ৰাদ্বিয়াল্লাহু আনহা আৰু ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময় তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ওপৰত এখন চাদৰ টানি লৈছিল আৰু বাৰে বাৰে মুখমণ্ডল ঢাকি লৈছিল, মৃত্যু যন্ত্ৰণাত যেতিয়াই উশাহ লোৱাত অসুবিধা হৈছিল তেতিয়াই মুখমণ্ডলৰ পৰা চাদৰ আঁতৰাই দিছিল, এই কঠিন অৱস্থাতে তেখেতে কৈছেঃ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, অৰ্থাৎ আল্লাহৰ ৰহমতৰ পৰা সিহঁত আঁতৰ হওক, কাৰণ সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহৰ ওপৰত মছজিদ নিৰ্মাণ কৰিছে। বিষয়টো যদি গম্ভীৰ নহ'লহেঁতেন তেন্তে তেখেতে কেতিয়াও এই অৱস্থাত উল্লেখ নকৰিলেহেঁতেন। এই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিষয়টো উল্লেখ কৰি তেখেতৰ উম্মতক এনেকুৱা কৰ্মৰ পৰা সতৰ্ক কৰিছে। কাৰণ এইটো হৈছে ইয়াহুদী আৰু খৃষ্টানসকলৰ কৰ্ম, লগতে আল্লাহৰ সৈতে কৰা শ্বিৰ্কৰ এটা মাধ্যম।