ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, সেই ব্যক্তিয়ে কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব, যিয়ে ফজৰৰ নামাজ আৰু আচৰৰ নামাজ সময়মতে আদায় কৰে। এই দুটা নামাজক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, এই দুটা নামাজ হৈছে অত্যন্ত কষ্টকৰ। লগতে ফজৰৰ সময় হৈছে আৰামদায়ক টোপনিৰ সময়। আনহাতে আচৰৰ সময় হৈছে ব্যস্ত সময়, য'ত দিনটোৰ গুৰুত্বপূৰ্ণ কাম আৰু ব্যৱসায়-বাণিজ্যৰ ব্যস্ততা থাকে। গতিকে অসুবিধা সত্ত্বেও যিয়ে এই দুটা নামাজ সময়মতে নিয়মিত আদায় কৰিব তেন্তে তাৰ বাবে অন্যান্য নামাজ সময় মতে আদায় কৰাটো কোনো কঠিন বিষয় নহয়।