আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?" তেওঁলোকে ক'লে, তাৰ দেহত নিশ্চিতৰূপে কোনো ময়লা নাথাকিব। তেতিয়া তেখেতে ক'লেঃ "এইটোৱে হৈছে পাঁচ ওৱাক্ত নামাজৰ উদাহৰণ। ইয়াৰ মাধ্যমত আল্লাহে বান্দাৰ গুনাহসমূহ মচি দিয়ে।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})