নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে তেওঁ আল্লাহৰ হিফাজতত থাকে, তেওঁৰ জিম্মাত তথা তেওঁৰ সংৰক্ষণত থাকে। আল্লাহে তাক বিপদাপদৰ পৰা ৰক্ষা কৰে আৰু তাক সহায় কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সাৱধান কৰিছে যে, ফজৰৰ চালাত ত্যাগ কৰি অথবা মুছল্লিৰ প্রতি সীমালংঘন কৰি নাইবা তাক লাঞ্ছিত কৰি যি ব্যক্তিয়ে আল্লাহৰ সৈতে কৰা প্ৰতিশ্ৰুতি ভংগ কৰে, সি দৰাচলতে নিৰাপত্তাৰ দেৱাল ভাঙি পেলায় আৰু সি কঠিন শাস্তিৰ যোগ্য হৈ পৰে। কাৰণ সি খৰ্ব কৰা অধিকাৰ সম্পৰ্কে আল্লাহে তাক সোধ-পোচ কৰিব। জানি থোৱা! আল্লাহে যাৰ বিপক্ষে বাদী হ'ব, তাক তেওঁ নিশ্চিতভাৱে জাহান্নামত নিক্ষেপ কৰিব।