নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে এইটো পাঠ কৰিবঃ আল্লাহৰ বাহিৰে কোনো সত্য ইলাহ (পূজ্য) নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই – তেওঁৰ উলুহিয়্যতত (উপাসনাত), ৰবুবিয়্যতত (প্ৰভুত্বত), লগতে তেওঁৰ নাম আৰু গুণাৱলীত। ৰাজত্ব একমাত্ৰ তেওঁৰেই, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা কেৱল তেওঁৰেই। সকলো সৃষ্টি আৰু তাকদীৰ (ভাগ্য নিৰ্ধাৰণ)ৰ বাবে প্ৰশংসা কেৱল তেওঁৰেই। তেওঁ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান, কোনো বাধা প্ৰদানকাৰী নাই বা প্ৰতিহত কৰিব পৰাও কোনো নাই। তেওঁ যিটো ইচ্ছা নকৰে, সেইটো কেতিয়াও নহয়। যিয়ে এইটো দৈনিক ১০০ বাৰ পাঠ কৰে, আল্লাহৰ ওচৰত তেওঁৰ বাবে ১০ জন দাস মুক্ত কৰাৰ সমান ছোৱাব লিখা হয়, লগতে ১০০টা নেকী (পুণ্য) লিপিবদ্ধ কৰা হয় আৰু জান্নাতত মৰ্যাদা উন্নীত কৰা হয়। এইদৰে ১০০টা গুনাহ মোচন কৰা হয়, তথা হ্ৰাস কৰা হয়। লগতে এইটো তাৰ বাবে সেই দিনা সূৰ্য্য অস্ত যোৱালৈকে চয়তানৰ প্ৰলোভন, আধিপত্য আদিৰ পৰা সুৰক্ষা, হিফাজত আৰু নিৰাপত্তা তথা দুৰ্গৰ কাম কৰিব। কিয়ামতৰ দিনা এই ব্যক্তিজনে যি লৈ আহিব, তাতকৈ উত্তম বস্তু বেলেগ কোনেও নানিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে ইয়াতকৈও বেছি আমল কৰিছে।