আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ বাবে ইছলামী চৰীয়তৰ বিধান বহুত বেছি হৈ পৰিছে। গতিকে মোক এনেকুৱা এটা বস্তু শিকাই দিয়ক যিটো মই মজবুতভাৱে ধৰি ৰাখিব পাৰিম। তেখেতে ক'লেঃ "সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।" ছহীহ - (তিৰমিজী, ইবনে মাজাহ, আহমদ)
explain-icon

ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি অভিযোগ কৰিলে যে, নফল ইবাদতৰ সংখ্যা অধিক হৈছে, গতিকে কোনটো এৰি কোনটো কৰিম ভাবি পোৱা নাই। সেয়ে ব্যক্তিজনে নিজৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, তেখেতে যেন তেওঁক এনেকুৱা কোনো সহজ আমল সম্পৰ্কে জনায় যিটো কৰিলে অধিক ছোৱাব অৰ্জন হ'ব আৰু তেওঁ যাতে সেইটোক মজবুতভাৱে ধৰি ৰাখিব পাৰে। এই কথা শুনি তেখেতে তেওঁক নিৰ্দেশনা দি ক'লে যে, আল্লাহৰ জিকৰৰ দ্বাৰা তুমি তোমাৰ জিভাক সকলো সময়তে আৰু সকলো অৱস্থাতে সিক্ত ৰাখিবা। তাছবীহ (ছুবহানাল্লাহ), তাহমীদ (আলহাম্দুলিল্লাহ), ইস্তিগফাৰ (আস্তাগফিৰুল্লাহ) আৰু দুআ আদিৰ জৰিয়তে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • সদায় আল্লাহৰ জিকৰ-আজকাৰ কৰাৰ ফজীলত।
  • এইটো আল্লাহৰ মহা অনুগ্ৰহ যে, তেওঁ ছোৱাব অৰ্জনৰ উপায়সমূহ সহজ কৰি দিছে।
  • কল্যাণ আৰু নেকীৰ ক্ষেত্ৰত বান্দাসকলৰ মৰ্যাদা ভিন ভিন।
  • তাছবীহ, তাহমীদ, তাহলীল আৰু তাকবীৰৰ জৰিয়তে আন্তৰিকতাৰে আল্লাহক বেছি বেছি স্মৰণ কৰাটো হৈছে কেইবাটাও নফল ইবাদতৰ সমতুল্য।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিজন প্ৰশ্নকাৰীকে তাৰ উপযুক্ত উত্তৰ প্ৰদান কৰিছিল।
explain-icon

অধিক