হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নামাজৰ আজান শুনিব, তেওঁ মুআজ্জিনৰ পিছে পিছে সেইখিনি কথাকে ক'ব লাগে যিখিনি কথা মুআজ্জিনে কয়, কেৱল হাই আলাচ্ছালাহ আৰু হাই আলাল ফালাহৰ বাহিৰে। কিয়নো ইয়াৰ পিছত "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। আজান শেষ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব লাগে। কাৰণ যিয়ে তেখেতৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত বৰ্ষণ কৰে। এইদৰে বান্দাৰ প্ৰতি আল্লাহৰ চালাতৰ অৰ্থ হৈছে, আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত বান্দাৰ প্ৰশংসা কৰে। ইয়াৰ পিছত তেখেতে আল্লাহৰ ওচৰত তেখেতৰ বাবে অছীলাহ তলব কৰিবলৈ কৈছে। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ তথা সুউচ্চ স্থান। সেইখন কেৱলমাত্ৰ এজন বান্দাইহে লাভ কৰিব। তেখেতে কৈছে, আশা কৰোঁ সেইজন কিজানি ময়ে হম। এই কথাষাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বিনয় সহকাৰে কৈছিল। কিয়নো সেই উচ্চ স্থান যদি কেৱল এজন বান্দাৰ বাবেই নিৰ্দিষ্ট হয়, তেন্তে সেইখন তেখেতৰ বাহিৰে আন কাৰো হ'বই নোৱাৰে, কাৰণ তেখেত হৈছে সকলো সৃষ্টিৰ মাজত সৰ্বোৎকৃষ্ট। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰিব, তেওঁ তেখেতৰ শ্বাফাআত অৰ্জন কৰিব।