নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা গোটেই সৃষ্টিজগতৰ সন্মুখত তেখেতৰ উম্মতৰ এজন ব্যক্তিক আল্লাহে নিৰ্বাচন কৰিব, তাক হিচাপ-নিকাচৰ বাবে মাতি অনা হ'ব। সেই ব্যক্তিৰ সন্মুখত ৯৯টা ৰেজিষ্টাৰ উপস্থাপন কৰা হ'ব। সেইবোৰ ৰেজিষ্টাৰত লিখা থাকিব পৃথিৱীত কৰা তাৰ পাপ কৰ্ম সম্পৰ্কে আৰু প্ৰতিটো ৰেজিষ্টাৰৰ দৈৰ্ঘ্য হ'ব দৃষ্টি যিমান দূৰলৈ যায় সিমানখিনি পৰ্যন্ত। তাৰ পিছত সেই ব্যক্তিক আল্লাহে ক'বঃ এই ৰেজিষ্টাৰবোৰত লিখা কোনো বিষয়ক তুমি অস্বীকাৰ কৰা নেকি? আমলনামা লিখা মোৰ ফিৰিস্তাসকলে তোমাৰ ওপৰত কিবা অন্যায় কৰিছে নেকি? সেই ব্যক্তিজনে ক'বঃ নহয়, হে মোৰ প্ৰতিপালক। ইয়াৰ পিছত আকৌ আল্লাহে ক'বঃ পৃথিৱীত কৰা তোমাৰ এই আমলবোৰৰ বিষয়ে তোমাৰ কোনো অজুহাত আছে নেকি? যেনে- অৱহেলাৰ কাৰণে হৈছে, নাইবা ভুলতে হৈছে অথবা অজ্ঞানতাবশতঃ হৈছে। ব্যক্তিজনে ক'বঃ নাই, হে মোৰ প্ৰতিপালক! মোৰ ফালৰ পৰা কোনো অজুহাত নাই। তেতিয়া সৰ্বশক্তিমান আল্লাহে ক'বঃ আমাৰ ওচৰত তোমাৰ এটা গুৰুত্বপূৰ্ণ ছোৱাব আছে, আজি তোমাৰ ওপৰত কোনো ধৰণৰ অন্যায় নহ'ব। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ইয়াৰ পিছত এখন কাৰ্ড উলিওৱা হ'ব, য'ত লিখা থাকিবঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। ইয়াৰ পিছত আল্লাহে সেই ব্যক্তিজনক ক'বঃ তুমি তোমাৰ মীজানৰ ওচৰলৈ গৈ উপস্থিত হোৱা। তেতিয়া সেই ব্যক্তিজনে আশ্চৰ্য প্ৰকাশ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! ইমানবোৰ ৰেজিষ্টাৰৰ বিপৰীতে এই কাৰ্ডখনৰ কি ওজন হ'ব? সৰ্বশক্তিমান আল্লাহে ক'বঃ (ধৈৰ্য্য ধৰা) তুমি কোনো ধৰণৰ অন্যায়ৰ বলি নহ'বা। তেখেতে কৈছেঃ ইয়াৰ পিছত সেই ৰেজিষ্টাৰবোৰক এটা পাল্লাত ৰখা হ'ব, আৰু কাৰ্ডখনক বিপৰীত পাল্লাত ৰখা হ'ব। ফলত ৰেজিষ্টাৰ থকা পাল্লা পাতল হ'ব আৰু কাৰ্ড থকা পাল্লাটো গধূৰ হ'ব। ইয়াৰ পিছত আল্লাহে সেই ব্যক্তিক ক্ষমা কৰি দিব।