কিয়ামতৰ দিনা মুমিন বান্দাৰ সৈতে হ'বলগীয়া আল্লাহৰ গোপন কথোপকথন সম্পৰ্কে হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ দিনা আল্লাহে মুমিন বান্দাক কাষত মাতি নিব আৰু উপস্থিত সকলো লোকৰ পৰা তাক পৰ্দা আবৃত কৰি ল'ব, আনকি সেই গোপনীয়তা কোনেও ভেদ কৰিব নোৱাৰিব। মহান আল্লাহে তাক সুধিবঃ তুমি তোমাৰ এই এই গুনাহ সম্পৰ্কে জানানে....., তেতিয়া বান্দাই নিজ প্ৰতিপালকৰ সন্মুখত সেইবোৰ স্বীকাৰ কৰিব। আৰু ক'বঃ হয়, মই জানো, হে মোৰ প্ৰতিপালক। এইবোৰ দেখি বান্দা আতংকিত হ'ব আৰু ভীত-সন্ত্ৰস্ত হ'ব। তেতিয়া পৱিত্ৰ মহান আল্লাহে ক'বঃ শুনা! পৃথিৱীত মই তোমাৰ এইবোৰ গুনাহ গোপন কৰি ৰাখিছিলোঁ, আৰু চোৱা, আজি এইবোৰ ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ ছহীফা (আমলনামা) প্ৰদান কৰা হ'ব। আনহাতে কাফিৰ আৰু মুনাফিকসকলৰ বিষয়ে সকলোৰে সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত মিছা আৰোপ কৰিছিল। জানি থোৱা! অন্যায়কাৰীসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত।