হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক মাতি কৈছিলঃ তুমি জান্নাতলৈ গৈ চাই আহাচোন, এই কথা শুনি তেওঁ আদেশ পালন কৰি তালৈ গ'ল আৰু চাইচিতি উভতি আহিল। তাৰ পৰা আহি জিব্ৰীলে ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! ইয়াৰ মাজত থকা নিয়ামত তথা সা-সুবিধা আৰু কল্যাণ সম্পৰ্কে যিয়েই শুনিব, সিয়েই ইয়াত প্ৰৱেশ কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ বাবে যথাসাধ্য আমল কৰিব। ইয়াৰ পিছত আল্লাহে জান্নাতক বিভিন্ন ধৰণৰ বিপদ-আপদ আৰু কঠিন পৰিস্থিতি আদিৰ দ্বাৰা লগতে তেওঁৰ নিৰ্দেশ পালন আৰু নিষেধকৃত বস্তু আদিৰ পৰা বিৰত থকা কামেৰে পৰিবেষ্টন কৰি দিলে। এতেকে যিয়েই তাত প্ৰৱেশ কৰিব বিচাৰিব, তেওঁ এইবোৰ পৰীক্ষা অতিক্ৰম কৰিহে প্ৰৱেশ কৰিব লাগিব। ইয়াৰ পিছত আল্লাহে বিপদ-আপদ, দুখ-কষ্ট আদিৰে জান্নাতক পৰিবেষ্টন কৰাৰ পিছত জিব্ৰীলক ক'লেঃ হে জিব্ৰীল! তুমি এতিয়াগৈ চাই আহাচোন। তাৰ পিছত তেওঁ পুনৰ গৈ চাই আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত খাই কৈছোঁ, জান্নাতৰ পথত যি বিপদ-আপদ আৰু দুখ-কষ্ট তথা ইয়াৰ যি দুৰ্গম পথ দেখা পালোঁ, মোৰ আশংকা হৈছে ইয়াত দেখোন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। এইদৰে যেতিয়া আল্লাহে জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীলক মাতি কৈছিলঃ হে জিব্ৰীল! তুমি গৈ চাই আহাচোন, ফলত তেওঁ গ'ল আৰু ভালকৈ দেখিলে। ইয়াৰ পিছত তেওঁ আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! ইয়াৰ মাজত থকা শাস্তি কষ্ট আৰু দুৰাৱস্থা সম্পৰ্কে যদি কোনোবাই শুনে তেন্তে সি কেতিয়াও তাত প্ৰৱেশ কৰিব নিবিচাৰিব, লগতে কেনেকৈ ইয়াৰ পৰা আঁতৰি থাকিব পাৰি সি সেইটো অৱলম্বন কৰিব। ইয়াৰ পিছত আল্লাহে জাহান্নামক পৰিবেষ্টন কৰিলে, লগতে লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰে এই পথক আকৰ্ষণীয় কৰি তুলিলে, তাৰ পিছত জিব্ৰীলক ক'লেঃ হে জিব্ৰীল! তুমি পুনৰ গৈ চাই আহাচোন। ইয়াৰ পিছত জিব্ৰীল পুনৰ চাবলৈ গ'ল আৰু চাইচিতি আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয় তথা মই আশংকা কৰোঁ যে, এতিয়া কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব, যিদৰে ইয়াৰ চাৰিওফালে প্ৰবৃত্তিৰ চাহিদা আৰু লোভ-লালসা তথা আকৰ্ষণীয় বস্তুৰে পৰিবেষ্টন কৰা হৈছে।