নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া মহান আল্লাহে তেওঁলোকক ক'বঃ তোমালোকে বিচৰানে যে, মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া জান্নাতৰ সকলো অধিবাসীয়ে একে সুৰত ক'বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ মুখমণ্ডলবোৰ আলোকপ্ৰদ কৰা নাইনে? তুমিয়ে আমাক জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ দিয়া নাইনে? আৰু তুমিয়ে আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? তেতিয়া মহান আল্লাহে হিজাব তথা পৰ্দা আঁতৰাই দিব, তেওঁৰ পৰ্দা হৈছে নূৰ। তেতিয়া জান্নাতীসকলে অনুভৱ কৰিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ অধিক পছন্দনীয় বস্তু তেওঁলোকক একোৱে দিয়া হোৱা নাই।