নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত মুমিনসকলৰ সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল পূৰ্ণিমাৰ ৰাতিৰ জোনৰ দৰে জ্যোতিৰ্ময় তথা উজ্জ্বল হ'ব। ইয়াৰ পিছত যিসকলে প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশত জিকমিকাই থকা দ্বীপ্তিমান ভুটা তৰাৰ দৰে। তেওঁলোকে তাত পূৰ্ণাংগ বৈশিষ্ট্য অৰ্জন কৰিব। প্ৰস্ৰাৱো নকৰিব আৰু শৌচো নকৰিব। থু খেঁকাৰো নেপেলাব, কফ আদি আৰু নাক পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণৰ দ্বাৰা নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীৰ পৰা উৎকৃষ্ট সুগন্ধি বিয়পি পৰিব। তেওঁলোকৰ স্ত্ৰী হ'ব ডাঙৰ ডাঙৰ চকু বিশিষ্টা হূৰসকল। তেওঁলোকক একেই গঠনত সৃষ্টি কৰা হ'ব, তেওঁলোকৰ আকৃতি তেওঁলোকৰ আদি পিতা আদমৰ দৰে হ'ব, দৈৰ্ঘ্য আৰু ধৰণ গঠন একেই হ'ব। উচ্চতাত শৰীৰৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত পৰ্যন্ত।