হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মুআজ্জিনে আজান দি শেষ কৰাৰ পিছত যিয়ে এই দুআটো পাঠ কৰিব, যাৰ অৰ্থ হৈছেঃ হে আল্লাহ! এই পূৰ্ণাংগ (তাওহীদ আৰু ৰিছালতৰ) আহ্বান (অৰ্থাৎ আজান যিটোৰ দ্বাৰা মানুহক নামাজৰ পিনে আহ্বান কৰা হয়) আৰু প্ৰতিষ্ঠিত চালাতৰ প্ৰতিপালক। মুহাম্মদক অছীলাহ (জান্নাতৰ এটা সুউচ্চ স্থান, যিটো তেখেতৰ বাহিৰে আন কাকো দিয়া নহ'ব) আৰু ফজীলাহ (সকলো সৃষ্টিতকৈ অতিৰিক্ত মৰ্যাদা) প্ৰদান কৰা। লগতে তেখেতক মাকামে মাহমূদত (প্ৰশংসিত স্থানত) উপনীত কৰা, যাৰ প্ৰতিশ্ৰুতি তুমি তেখেতক দিছা (অৰ্থাৎ কিয়ামতৰ দিনা মহা শ্বাফাআতৰ অধিকাৰ)। কাৰণ মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।" যিয়ে এই দুআ পাঠ কৰিব, কিয়ামতৰ দিনা তাৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শ্বাফাআত ওৱাজিব হৈ পৰিব, তথা সেই ব্যক্তি শ্বাফাআতৰ উপযুক্ত হ'ব।