এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেওঁৰ দাসসকলৰ আচৰণ সম্পৰ্কে অভিযোগ কৰিলে যে, সিহঁতে মিছা কথা কয়, বিশ্বাসঘাতকতা কৰে, ঠগবাজি কৰে, লগতে আদেশ অমান্য কৰে। ফলত তেওঁ সিহঁতক গালি-গালাজ কৰে আৰু এনে কাম যাতে পুনৰ কৰাৰ সাহস নাপায় তাৰ বাবে কেতিয়াবা মাৰপিটো কৰে। ইয়াৰ ফলত ক্বিয়ামতৰ দিনা ব্যক্তিজনৰ কি অৱস্থা হ'ব সেই সম্পৰ্কে তেখেতক সুধিলে। উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ সৈতে কৰা বিশ্বাসঘাতকতা, অবাধ্যতা, মিছা কথা আদি সকলো বিষয়ৰে হিচাপ-নিকাচ হ'ব। লগতে তুমি যে সিহঁতক শাস্তি বিহিছা তাৰো হিচাপ হ'ব। যদি সিহঁতৰ অপৰাধ অনুপাতে শাস্তি বিহা হৈছে তেন্তে ঠিকেই আছে, তোমাৰো কোনো অসুবিধা নহ'ব আৰু সিহঁতৰো কোনো অসুবিধা নহ'ব। আনহাতে সিহঁতৰ অপৰাধতকৈ তোমাৰ শাস্তিৰ পৰিমাণ যদি কম হয় তেন্তে ইয়াৰ ফলত তোমাৰ ছোৱাব আৰু মৰ্যাদা বৃদ্ধি কৰা হ'ব। এইদৰে যদি সিহঁতৰ অপৰাধৰ তুলনাত তোমাৰ শাস্তিৰ পৰিমাণ বেছি হয় তেন্তে তোমাক শাস্তি বিহা হ'ব, অৰ্থাৎ সেই পৰিমাণ ছোৱাব তোমাৰ পৰা কাঢ়ি নি সিহঁতক দিয়া হ'ব। এই কথা শুনি ব্যক্তিজনে চিঞৰি কান্দিবলৈ ধৰিলে আৰু অকণমান আঁতৰি গ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লে, তুমি আল্লাহৰ কিতাবত এই আয়াত পঢ়া নাইনে, {ونضع الموازين القسط ليوم القيامة فلا تُظلم نفسٌ شيئًا، وإن كان مثقال حبة من خردل أتينا بها وكفى بنا حاسبين} [الأنبياء: 47] অৰ্থাৎ "আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট"। (ছুৰা আল-আম্বিয়াঃ ৪৭) গতিকে ক্বিয়ামতৰ দিনা কাৰো প্ৰতি কোনো অন্যায় কৰা নহ'ব। মানুহৰ মাজত ন্যায়ৰ তৰ্জু স্থাপন কৰা হ'ব। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ শপত, মই সিহঁতক স্বাধীন কৰি দিয়াৰ বাহিৰে বেলেগ কোনো উত্তম উপায় বিচাৰি নাপালোঁ। সেয়ে মই আপোনাক সাক্ষী থৈ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ আশাত আৰু তেওঁৰ হিচাপ আৰু শাস্তিক ভয় কৰি সিহঁত সকলোকে মুক্ত ঘোষণা কৰিলোঁ।